প্ৰবোধ চাৰ

 দেৱজিৎ ফুকন


কিতাপৰ পোকনামেৰে এষাৰ প্ৰৱচন আছে৷ খুউব কম সংখ্যক লোকৰহে এনে বিশেষণ পোৱাৰ সৌভাগ্য ঘটে৷ প্ৰবোধ চাৰ আছিল এনে নাম পোৱা এক ব্যক্তিত্ব৷ ছাত্ৰাৱস্থাৰে পৰা আৰম্ভ কৰি জীৱনৰ মধ্য বয়সলৈকে সম-সাময়িক প্ৰকাশিত কিতাপ আৰু কাকতসমূহৰ প্ৰতি তেখেতৰ প্ৰৱল ধাউতিৰ কথাবোৰ লগৰীয়া আৰু সহকৰ্মীৰ বাবে এটা চৰ্চাৰ বিষয় আছিল৷ 

শ্ৰেণীত পাঠদানৰ বেলিকা আৰু সভা-সমিতিত আলোচনা, মন্তব্য আদিবোৰত তথ্য, প্ৰসংগ, উদ্ধৃতি আদিত প্ৰতিফলিত হয় তেখেতৰ অধ্যয়নশীল ব্যক্তিত্বৰ আভা৷ প্ৰচুৰ পুথিগত অধ্যয়নৰ স্পৃহাৰ বাবে ৰাজ্যৰ প্ৰতিখন গ্ৰন্থ-মেলাৰ পৰা আৰু কিতাপৰ দোকানৰপৰা এজাপ কিতাপ সংগ্ৰহ কৰি অনাতো তেখেতৰ এক স্বভাৱত পৰিণত হৈছিল৷ 

তেখেত উপস্থিত থকা প্ৰতিখন সভাতে সমজুৱাৰ মন্তব্য অথবা একাষাৰ শিতানত সৰ্বপ্ৰথমজন প্ৰবোধ চাৰ৷ যথাৰীতি তেখেত জড়িত হৈ আছিল অঞ্চলটোৰ বিভিন্ন সামাজিক সংগঠনৰ সৈতে নিবিড়ভাৱে৷ চাকৰি জীৱনৰ অন্তিম সময়ৰ ফালে বিজ্ঞান সমিতি আৰু মেগামিক্স প্ৰকৃতি সংঘৰ সৈতে একাত্মভাৱে জড়িত হৈ পৰে৷ দুয়োটা সংগঠনৰ প্ৰায় প্ৰতিটো কাৰ্যসূচীতে তেখেত আছিল অন্যতম অংশীদাৰ৷ ঠিক তেনে সময়তে মেগামিক্স প্ৰকৃতি সংঘৰ প্ৰথমটো কাৰ্যালয় ভৱন নিৰ্মাণ কালৰ ১৯৯৭-৯৮ সময়ছোৱাত নিৰ্মাণ কমিটিৰ প্ৰধান কৰ্ণধাৰজন আছিল প্ৰবোধ চাৰ৷ প্ৰকৃতি সংঘ ভৱনটো নিয়াৰিকৈ নিৰ্মাণ হোৱাৰ স্বাৰ্থত সেই সময়তে তেখেতে আগবঢ়োৱা অকুণ্ঠ সেৱাৰ কথা সংঘৰ ইতিহাসত চিহ্নিত হৈ থাকিব৷ 

ইয়াৰ সমান্তৰালকৈ তেখেতে আৰু এটা মহৎ প্ৰচেষ্টা আৰম্ভ কৰিছিল অঞ্চলটোৰ বৌদ্ধিক উৎকৰ্ষৰ ক্ষেত্ৰত সহায়ক হোৱাৰ উদ্দেশ্য আগত ৰাখি¸ তেখেতে উদ্যমী ছাত্ৰৰ এটা দল গঠন কৰি এটা সংঘ প্ৰতিষ্ঠা কৰিছিল৷ নাম দিছিল স্বাধীনতা যোদ্ধাৰ নামেৰে–‘‘চন্দ্ৰশেখৰ দাস অধ্যয়ন চক্ৰ আৰু পুথিভঁৰাল’’ ইয়াৰ বাবে তেখেতে প্ৰায় একক প্ৰচেষ্টাৰে সংঘটোৰ বাবে মাটি আৱণ্টন, গৃহ নিৰ্মাণ, আচবাব সংগ্ৰহ আৰু পুথি সংগ্ৰহ কৰি সংঘৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিলে৷ ছাত্ৰ আৰু জ্যেষ্ঠ সদস্যৰ অন্তৰ্ভূক্তিৰে অধ্যয়ন চক্ৰ আৰু পুথিভঁৰালৰ নিয়মীয়া কাৰ্যসূচী ৰূপায়ণ কৰি তেখেতে এটা বৌদ্ধিক সেৱাৰ দৰে উৎকৃষ্ট অভিযানৰ শুভাৰম্ভ কৰিলে৷ 

সমাজখন আৰু সমাজজীৱন চিৰকাল ধৰি সুকলমে পৰিচালিত হৈ অহাৰ আঁৰত থাকে সমাজৰ একাংশ স্বেচ্চাসেৱাৰ মনোভাৱ থকা¸ উদাৰ মানসিকতাৰ ব্যক্তিত্ব৷ অত্যন্ত বিনয়ী, শিষ্টাচাৰী, নিৰহংকাৰী, মিতভাষী আৰু অধ্যয়ন পিপাসু ব্যক্তি প্ৰবোধ চাৰ আছিল তেনে এক ব্যক্তিত্ব৷ তেখেতৰ অধ্যয়নশীলতাৰ স্পৃহাৰ কথা অঞ্চলটোৰ বৌদ্ধিক উৎকৰ্ষৰ অভিযানবিলাকত চৰ্চাৰ বিষয় হৈ থাকিব৷ বিজ্ঞান সমিতি আৰু মেগামিক্স প্ৰকৃতি সংঘৰ বিজ্ঞান বিষয়ক আৰু পৰিৱেশ বিষয়ক অভিযানবিলাকৰ এজন প্ৰথম শাৰীৰ শুভাকাংক্ষী আৰু উদ্যোক্তা হিচাপে তেখেতৰ নাম দুয়োটা সংগঠনে চিৰকালৰ বাবে সোঁৱৰণ কৰি থাকিব৷ এজন অত্যন্ত গ্ৰন্থপ্ৰেমী ব্যক্তি, কৃতী শিক্ষক আৰু বৌদ্ধিক উত্তৰণৰ হকে প্ৰবক্তা ব্যক্তি প্ৰবোধ চাৰৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছো।

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ